লোকপিয়ল সঞ্চালকালয়, আমিনগাঁৱৰ মুখ্য কার্যালয়ত আজি লোকপিয়ল ২০২৭ৰ শীর্ষ সংগীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কোকৰাঝাৰৰ জিলা আযুক্ত পংকজ চক্রৱর্তী ৰচিত গীতটো জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল। লোকপিয়ল ২০২৭ অভিযানৰ অসমৰ সঞ্চালক বিশ্বজিৎ পেগু আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা গার্গে আজি গীতটি মুকলি কৰে। সভাত সঞ্চালক বিশ্বজিৎ পেগুৱে জুবিন গাৰ্গৰ এই গীতটোৱে লোকপিয়ল সন্দর্ভত জনসাধাৰণক সজাগ কৰিব বুলি আশা প্রকাশ কৰে।
এই অনুষ্ঠানত লোকপিয়লৰ অতিৰিক্ত সচিব পার্থ পেগু, নডেল বিষয়া ড০ নিজৰা শৰ্মা, লোকপিয়ল অভিযানৰ যুটীয়া সঞ্চালক ভাৰতী চন্দা আদিকে ধৰি ভালেসংখ্যক বিষয়া আৰু সংবাদ মাধ্যমৰ লোক উপস্থিত থাকে।