June 30, 2024 12:02 PM | jorhat district day

printer

যোৰহাট জিলা আয়ুক্তৰ নেতৃত্বত আৰু শিক্ষা বিভাগৰ সহযোগত বিদ্যালয়ত গ্রন্থদান অভিযান

চলিত যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি কালি যোৰহাট জিলা আয়ুক্তৰ নেতৃত্বত আৰু শিক্ষা বিভাগৰ সহযোগত জিলাখনৰ অন্তৰ্গত প্ৰতিখন বিদ্যালয়তে গ্রন্থদান অভিযান চলোৱা হয়। বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্রী, কর্মচাৰী, ছাত্র-ছাত্রী, অভিভাৱক আদিয়ে বিদ্যালয়ৰ পুথিভঁৰালসমূহলৈ গ্ৰন্থদান কৰে। উল্লেখযোগ্য যে, জিলাখনৰ পাঁচটা শিক্ষা খণ্ডৰ ১,২২৯ খন বিদ্যালয়ত কালিৰ দিনটোত প্রায় ১ লাখ ১৭ হাজাৰ ৭৬৩ খন গ্ৰন্থ সংগ্ৰহ কৰা হয়। তদুপৰি ছাত্ৰ-ছাত্ৰীৰ মাজত কিতাপ পঢ়াৰ প্ৰতি ধাউতি বঢ়োৱাৰ উদ্দেশ্যেৰে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে কালি ১৫০ নম্বৰ লহপহীয়া প্ৰাথমিক বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীৰ ঘৰত দুটি পুথিভৰাঁল উন্মোচন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।