June 30, 2024 12:02 PM

views 49

যোৰহাট জিলা আয়ুক্তৰ নেতৃত্বত আৰু শিক্ষা বিভাগৰ সহযোগত বিদ্যালয়ত গ্রন্থদান অভিযান

চলিত যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি কালি যোৰহাট জিলা আয়ুক্তৰ নেতৃত্বত আৰু শিক্ষা বিভাগৰ সহযোগত জিলাখনৰ অন্তৰ্গত প্ৰতিখন বিদ্যালয়তে গ্রন্থদান অভিযান চলোৱা হয়। বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্রী, কর্মচাৰী, ছাত্র-ছাত্রী, অভিভাৱক আদিয়ে বিদ্যালয়ৰ পুথিভঁৰালসমূহলৈ গ্ৰন্থদান কৰে। উল্লেখযোগ্য যে, জিলাখনৰ পাঁচটা শিক্ষা খণ্ডৰ ১,২২৯ খন বিদ্যালয়ত কালিৰ দিনটোত প্রায় ১ লাখ ১৭ হাজাৰ ৭৬৩ খন গ্ৰন্থ সংগ্ৰহ কৰা হয়। তদুপৰি ছাত্ৰ-ছাত্ৰীৰ মাজত কিতাপ পঢ়াৰ প্ৰতি ধাউতি বঢ়োৱাৰ উদ্দেশ্যেৰে জিলা আয়ুক্ত আৰু আৰক্...

June 22, 2024 7:03 PM

views 42

যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ

যোৰহাট জিলা প্রশাসনে অহা ১ জুলাইত যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে। সেই অনুসৰি প্ৰশাসনে ২৯ জুনৰ পৰা ১ জুলাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে এই দিৱস আয়োজনৰ সিদ্ধান্ত গ্রহণ কৰিছে। মৰম যোৰহাট গঢ়ি তোলাৰ উদ্দেশ্যে পৰিৱেশ নিকাকৰণ, গ্ৰন্থ উপহাৰ, সাংস্কৃতিক শোভাযাত্রা, গাঁওসভা, বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা চক্ৰ, সকলো বিভাগৰ দ্বাৰা নিজ নিজ ধ্বজাবাহী আঁচনিৰ প্ৰচাৰ তথা কাৰ্যকৰীকৰণ, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে।