যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত জিলা পানী আৰু অনাময় মিছনৰ এখন সভা অনুষ্ঠিত হয়। জিলাখনত ৰূপায়ণ হৈ থকা জলজীৱন মিছন আৰু স্বচ্ছভাৰত মিছন গ্রামীণৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আঁচনি কেইখনৰ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয়। এই সভাত যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱা, তিতাবৰ, টীয়ক আৰু মৰিয়নীৰ সম জিলা আয়ুক্তসকল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী আৰু সহকাৰী অভিযন্তাসকল, লোকনির্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ লগতে সংশ্লিষ্ট বিভাগীয় বিষয়াসকল উপস্থিত থাকে।
Assamese | June 13, 2026 6:49 PM | Jorhat DC
যোৰহাটত জয় শিৱানীৰ অধ্যক্ষতাত জিলা পানী আৰু অনাময় মিছনৰ সভা অনুষ্ঠিত