July 17, 2026 6:10 PM

views 18

যোৰহাটৰ জিলা আয়ুক্তৰ বৰ্তমানৰ কাৰ্যালয় স্থানান্তৰ সন্দৰ্ভত জিলা আয়ুক্ত জয় শিৱানিৰ সভাপতিত্বত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

যোৰহাটৰ জিলা আয়ুক্তৰ বৰ্তমানৰ কাৰ্যালয় চিনামৰাৰ নৱনিৰ্মিত ভৱনলৈ স্থানান্তৰ সন্দৰ্ভত জিলা আয়ুক্ত জয় শিৱানিৰ সভাপতিত্বত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত, সম-জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী জিলা আয়ুক্ত, নির্বাচনী বিষয়া, সহকাৰী আয়ুক্তসকলৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৰ্তমানৰ কাৰ্যালয়টো নৱনিৰ্মিত ভৱনলৈ শৃংখলাবদ্ধভাৱে স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হয়।

June 13, 2026 6:49 PM

views 23

যোৰহাটত জয় শিৱানীৰ অধ্যক্ষতাত জিলা পানী আৰু অনাময় মিছনৰ সভা অনুষ্ঠিত

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত জিলা পানী আৰু অনাময় মিছনৰ এখন সভা অনুষ্ঠিত হয়। জিলাখনত ৰূপায়ণ হৈ থকা জলজীৱন মিছন আৰু স্বচ্ছভাৰত মিছন গ্রামীণৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আঁচনি কেইখনৰ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয়। এই সভাত যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱা, তিতাবৰ, টীয়ক আৰু মৰিয়নীৰ সম জিলা আয়ুক্তসকল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী আৰু সহকাৰী অভিযন্তাসকল, লোকনির্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ লগ...