মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত আজি এটা অত্যাধুনিক পুথিভঁড়ালৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাওঁৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পুথিভঁড়ালটোৰ নিৰ্মাণৰ বাবে ডেৰ কোটি টকা আৱণ্টন দিছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি বিধায়ক দেউৰীয়ে মহাবিদ্যালয়খনত শীঘ্ৰেই ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী এন চিচিৰ এটা গোট আৰু এটা চাইকেল ষ্টেণ্ড নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। আধাৰশিলা স্থাপন অনুষ্ঠানত মৰিগাওঁৰ জিলা আয়ুক্ত দেৱাশীষ শর্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | September 13, 2024 8:55 PM | Assam
মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত অত্যাধুনিক পুথিভঁড়ালৰ আধাৰশিলা স্থাপন