August 21, 2026 7:14 PM | Helpline No Open

printer

মেঘালয়ত আবদ্ধ হোৱা অসমৰ লোকসকলৰ সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি

মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়তৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এনে সমস্যাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি প্ৰদান কৰিব পাৰিব। ০৩৬১-২৩৮১৫১১ অথবা ৯১৮১০-১৪৮৮৮ হোৱাটছআপ নম্বৰত ব্যক্তি বা বাহনৰ তথ্য, যোগাযোগ নম্বৰ আদিকে ধৰি অন্যান্য তথ্যসমূহ প্রদান কৰিব পাৰিব। এই তথ্যৰ ভিত্তিত অসম চৰকাৰ তথা আৰক্ষীয়ে মেঘালয়ৰ সংশ্লিষ্ট কর্তৃপক্ষ, স্থানীয় প্রশাসন আৰু আৰক্ষীৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় সহায়ৰ ব্যৱস্থা কৰিব। অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে মেঘালয়ৰ কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে। আৰক্ষীয়ে লগতে জনসাধাৰণক শান্তি শৃংখলা বজাই ৰাখি সত্যাসত্য নিৰূপণ কৰা তথ্য প্রকাশ কৰিবলৈ আহ্বান জনাইছে।

ইপিনে এই ঘটনাক লৈ আজি দ্বিতীয় দিনাও গুৱাহাটীৰ যোৰাবাটত চালকসকলে প্রতিবাদ অব্যাহত ৰাখিছে। চালকসকলে একগোট হৈ মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ী চলাচলত বাধা প্রদান কৰে। অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিৰ নেতা আৰু কৰ্মীসকলে প্রতিবাদস্থলীত উপস্থিত হৈ এই ঘটনাৰে জৰিতসকলক শীঘ্ৰে গ্ৰেপ্তাৰৰ বাবে দাবী জনায়।