August 21, 2026 7:14 PM

views 26

মেঘালয়ত আবদ্ধ হোৱা অসমৰ লোকসকলৰ সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি

মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়তৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এনে সমস্যাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি প্ৰদান কৰিব পাৰিব। ০৩৬১-২৩৮১৫১১ অথবা ৯১৮১০-১৪৮৮৮ হোৱাটছআপ নম্বৰত ব্যক্তি বা বাহনৰ তথ্য, যোগাযোগ নম্বৰ আদিকে ধৰি অন্যান্য তথ্যসমূহ প্রদান কৰিব পাৰিব। এই তথ্যৰ ভিত্তিত অসম চৰকাৰ তথা আৰক্ষীয়ে মেঘালয়ৰ সংশ্লিষ্ট ...