প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কালি মুঠ ৯৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীসহ ৮টা হাই স্পীড ৰোড ক’ৰিডৰ নিৰ্মাণত অনুমোদন জনায়। এই ৮টা ঘাইপথ প্ৰকল্পৰ বাবে মুঠ ৫০ হাজাৰ ৬৫৫ কোটি টকা ব্যয় হ’ব বুলি চৰকাৰে জানিবলৈ দিছে। ইয়াৰ ভিতৰত ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পটোৰ নামত ৫ হাজাৰ ৭২৯ কোটি টকা আৱণ্টনৰ বাবে কেবিনেটে অনুমোদন জনাইছে। এই প্ৰকল্পই ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাৰ লগতে আৰ্থ-সামাজিক উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে এই প্ৰকল্পৰ অধীনত বৰ্তমানৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৮ কিলোমিটাৰ পথ ছয়লেন কৰা হ’ব আৰু ৫৮ কিলোমিটাৰ বৰ্তমানৰ পথৰ উন্নতি সাধন কৰা হ’ব। ইপিনে প্ৰকল্পটোৰ অংশ হিচাপে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন বৃহৎ দলঙো নিৰ্মাণ কৰা হ’ব। গুৱাহাটীৰ ৰিং ৰোডৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা দীৰ্ঘ দূৰত্বৰ যাতায়াতৰ ক্ষেত্ৰত অধিক সুচলতা লাভ কৰিব পৰা যাব। এই ৰিং ৰোডে গুৱাহাটীৰ আশে-পাশে থকা প্রধান ঘাইপথসমূহত যান-জঁট লাঘৱ কৰাৰ লগতে উত্তৰ-পূবৰ প্ৰধান চহৰ শিলিগুৰি, শিলচৰ, শ্বিলং, যোৰহাট, তেজপুৰ, যোগীঘোপা আৰু বৰপেটাৰ মাজত যাতায়াত আৰু যান বাহনৰ চলাচল সুচল কৰি তোলাত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।
ইপিনে কেন্দ্রীয় কেবিনেটত লোৱা এই সিন্ধান্তক আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই অনুমোদনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় নীতিন গাডকাৰীক ধন্যবাদ জনায়।
Assamese | August 3, 2024 12:37 PM | narendra modi | PMO India
মুঠ ৯৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীসহ ৮টা হাই স্পীড ৰোড ক’ৰিডৰ নিৰ্মাণত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ