মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ চিনামৰাত নৱনির্মিত জিলা আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰে। ৫৩ বিঘাৰো অধিক ভূমি সামৰি ৪৯ কোটি ৬২ লাখ টকা ব্যয়ৰে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। এই ভৱনটোত ১৫১ খন আসনযুক্ত প্রেক্ষাগৃহ, ৬০ খন আসনযুক্ত সভাগৃহ, ৫০ কিলোৱাট সৌৰশক্তি ব্যবস্থা, পর্যাপ্ত পার্কিং আৰু কৰ্মচাৰীৰ আৱাসিক সুবিধা ৰখা হৈছে।
এই উপলক্ষে আয়োজিত মুকলি সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে যোৰহাটবাসী ৰাইজক অভিনন্দন জ্ঞাপন কৰি কয়, যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিকাশৰ বাবে পষেক কাৰ্যসূচীৰ অধীনত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
এই ভৱন নিৰ্মাণ ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনি অন্যতম সংযোজন বুলি মুখ্যমন্ত্রীয়ে মত প্রকাশ কৰে। ৰাইজৰ সেৱা অধিক সহজ, ক্ষিপ্ৰ আৰু সুসংগঠিত কৰাৰ ক্ষেত্ৰত এই নতুন ভবনে সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
মুখ্যমন্ত্রীয়ে সম্প্রতি আজিৰে পৰা যোৰহাটৰ নৱনির্মিত জিলা আয়ুক্তৰ সংহত কাৰ্যালয়ত অনুষ্ঠিত ৰাজ্যৰ জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন ভাগ লৈছে। এই সন্মিলনত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ বিস্তৃত পর্যালোচনা কৰা হ’ব।
মুখ্যমন্ত্রী ইয়াৰ আগেয়ে চিনামৰা ৰে’লৱে উৰণ সেতুখনো মুকলি কৰে। চিনামৰা ৰে’লৱে উৰণ সেতুৰ উদ্বোধনৰ লগে লগে দক্ষিণ যোৰহাটৰ লগতে তিতাবৰ আৰু মৰিয়নিৰ জনসাধাৰণৰ নগৰখনৰ সৈতে যোগাযোগৰ পথ সুচল হৈ পৰিব। যোৰহাট-মৰিয়নি-মোককচাং পথৰ ওপৰত ৬৫ কোটি ২০ লাখ টকা ব্যয়েৰে নির্মিত দুটা লেনযুক্ত এই ৰে’লৱে অভাৰ ব্ৰীজখনৰ মুঠ দৈর্ঘ্য ৫৪৫ মিটাৰ।
গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ দৰে যোৰহাটৰ ভোগদৈ নৈতো ৰিভাৰ ফ্ৰণ্টৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভোগদৈ নৈৰ সমীপত জনসাধাৰণৰ বাবে খোজ কঢ়াৰ সুবিধাৰ লগতে যোৰহাটবাসীক প্রাকৃতিক সৌন্দর্য উপভোগ কৰাৰ সুবিধা দিয়াৰ বাবে এই পৰিকল্পনা কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।
মুখ্যমন্ত্রী ড০ শর্মাই শিৱসাগৰ বিশ্ববিদ্যালয়ত নৱনির্মিত ছাত্রী নিবাসটো ভার্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। ৰাজ্য চৰকাৰৰ ১২২ কোটি টকাৰ বৃহৎ আন্তঃগাঁথনি উন্নয়ন পেকেজৰ অংশ হিচাপে এই নিবাসটো নিৰ্মাণ কৰা হৈছে। প্রায় আঢ়ৈ কোটি টকা ব্যয়ৰে নিৰ্মিত ছাত্রী নিবাসটো ৮০ গৰাকী ছাত্ৰী থকাৰ সুবিধা আছে।