মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাটৰ চিনামৰা ৰে’লৱে উৰণ সেতু উদ্বোধন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ চিনামৰা ৰে’লৱে উৰণ সেতু উদ্বোধন কৰে। চিনামৰা ৰে’লৱে উৰণ সেতুৰ উদ্বোধণৰ লগে লগে দক্ষিণ যোৰহাটৰ লগতে তিতাবৰ আৰু মৰিয়ণিৰ জনসাধাৰণৰ নগৰখনৰ সৈতে যোগাযোগৰ পথ সুচল হৈ পৰিব।

যোৰহাট-মৰিয়নি-মোককচাং পথৰ ওপৰত ৬৫ কোটি ২০ লাখ টকা ব্যয়েৰে নিৰ্মিত দুটা লেনযুক্ত এই ৰে’লৱে অভাৰ ব্ৰীজখনৰ মুখ দৈর্ঘ্য ৫৪৫ মিটাৰ।

তেওঁ কিছুসময়ৰ পাছত চিনামৰাৰ নৱনির্মিত জিলা আয়ুক্তৰ সংহত কার্যালয় মুকলি কৰিব। তিনিদিনীয়া ভ্রমণসূচীৰে যোৰহাটলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি লুইতপৰীয়া মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসো মুকলি কৰাৰ কথা।

উল্লেখযোগ্য যে চিনামৰা চাহ বাগিচাৰ প্ৰায় ১২ বিঘা মাটি সামৰি যোৰহাট জিলা আয়ুক্তৰ পাঁচমহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে।

নতুন কার্যালয়টোৰ সৈতে উন্নত সা-সুবিধাযুক্ত সভাগৃহৰ লগতে প্রেক্ষাগৃহও সংলগ্ন কৰা হৈছে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰে পৰা যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ সংহত কাৰ্যালয়ত হ’বলগীয়া ৰাজ্যৰ জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন ভাগ ল’ব।

এই সন্মিলনত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ’ব। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে প্ৰকাশ কৰা মতে, সন্মিলনত ৰাজ্যৰ আটাইকেইখন জিলাৰ আয়ুক্তৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া আৰু কেইবাগৰাকীয়ো মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব।