মিজোৰাম চৰকাৰে ৰাজ্যখনত মিজোৰাম সাৰ্বজনীন স্বাস্থ্য সেৱা আঁচনি নামেৰে এখন বৃহৎ আঁচনি প্ৰৱৰ্তন কৰিছে। মিপুই হেল্থ কেয়াৰ বুলি পৰিচিত এই আঁচনিৰ অধীনত মিজোৰাম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালকে ধৰি সকলো শ্ৰেণীৰ পৰিয়ালে বছৰি ৫ লাখ টকালৈকে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব। এই আঁচনিখন আয়ুস্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ সৈতে যুক্ত কৰা হ’ব আৰু বহিঃ আৰু অন্তর্বিভাগ – দুয়োধৰণৰ ৰোগীক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ’ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালদুৱমাই আজি ৰাজ্য বিধানসভাত এই আঁচনিৰ বিষয়ে ঘোষণা কৰি কয়, যে এই বিনামূলীয়া সার্বজনীন চিকিৎসা সেৱা ৰাজ্যখনৰ সকলো চৰকাৰী চিকিৎসালয়, প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু মিজোৰাম চৰকাৰৰ স্বীকৃতিপ্রাপ্ত ৰাজ্যৰ ভিতৰৰ আৰু ৰাজ্যৰ বাহিৰৰ ব্যক্তিগত চিকিৎসালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব আৰু ১ এপ্ৰিলৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ’ব।
Assamese | March 19, 2025 8:28 PM | Akashvani Guwahati | Akashvani News | Mizoram | North East
‘মিজোৰাম সাৰ্বজনীন স্বাস্থ্য সেৱা আঁচনি’ নামেৰে মিজোৰাম চৰকাৰৰ আঁচনি প্ৰৱৰ্তন