মিছিং স্বায়ত্ত শাসিত পৰিষদৰ ৪০ টা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগে জাৰি কৰা অধিসূচনাৰ ভিত্তিত মিছিং স্বায়ত্ত শাসিত পৰিষদৰ সমষ্টিসমূহৰ সীমা নির্ধাৰণ কৰাৰ পাছত এই চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে।
প্ৰকাশ পোৱা ভোটাৰ তালিকা অনুসৰি ৪০ টা সমষ্টিত মুঠ ৬,৩৫,৬০১ গৰাকী ভোটদাতা আছে। ইয়াৰে ৩,১৭,৩৪৩ গৰাকী পুৰুষ, ৩,১৮,২৫৬ গৰাকী মহিলা আৰু ২ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে।
চূড়ান্ত ভোটাৰ তালিকাত মুঠ ১০৩৩ টা ভোটগ্রহণ কেন্দ্র অন্তর্ভুক্ত কৰা হৈছে। সমষ্টি ভিত্তিত এই চূড়ান্ত ভোটাৰ তালিকা সাধাৰণ ৰাইজৰ বাবে সংশ্লিষ্ট চক্র বিষয়াৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপলব্ধ থাকিব।
তদুপৰি সংশ্লিষ্ট সমষ্টিসমূহৰ অন্তৰ্গত পৌৰসভা, নগৰ উন্নয়ন সমিতি, উপ-পঞ্জীয়কৰ কাৰ্যালয়, থানা, চাহ বাগান আৰু গাওঁ পঞ্চায়তৰ কাৰ্যালয়তো এই তালিকা উপলব্ধ হ’ব। ভোটদাতাসকলে নির্বাচন আয়োগে আৱণ্টন কৰা ই পি আই চি নম্বৰ ব্যৱহাৰ কৰি চূড়ান্ত ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব।