September 13, 2026 11:16 AM
9
মিছিং স্বায়ত্ত শাসিত পৰিষদৰ ৪০টা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ
মিছিং স্বায়ত্ত শাসিত পৰিষদৰ ৪০ টা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগে জাৰি কৰা অধিসূচনাৰ ভিত্তিত মিছিং স্বায়ত্ত শাসিত পৰিষদৰ সমষ্টিসমূহৰ সীমা নির্ধাৰণ কৰাৰ পাছত এই চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। প্ৰকাশ পোৱা ভোটাৰ তালিকা অনুসৰি ৪০ টা সমষ্টিত মুঠ ৬,৩৫,৬০১ গৰাকী ভোটদাতা আছে। ইয়াৰে ৩,১৭,৩৪৩ গৰাকী পুৰুষ, ৩,১৮,২৫৬ গৰাকী মহিলা আৰু ২ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। চূড়ান্ত ভোটাৰ তালিকাত মুঠ ১০৩৩ টা ভোটগ্রহণ কেন্দ্র অন্তর্ভুক্ত কৰা হ...