মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলত ঘাঁহনি নাৰ্চাৰী মুকলি

মানাহ ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত কালি এখন ঘাঁহনি নাৰ্চাৰী মুকলি কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড০ চি ৰমেশৰ উপস্থিতিত প্রধান মুখ্য বন সংৰক্ষক বিনয় গুপ্তই এই ঘাঁহনি নাৰ্চাৰী আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনত তৃণভোজী প্ৰাণীৰ বাবে খাদ্য যোগানৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত অপতৃণই আৱৰি ধৰাৰ ফলত ঘাঁহনি অঞ্চল ক্রমান্বয়ে হ্রাস পাই আহিছে। কালি বাঁহবাৰী বনাঞ্চলত এনে অপতৃণসমূহ আঁতৰাই উলুখেৰ, কাঁহিবন, বিৰিণা বন, কহুঁৱাকে ধৰি প্ৰায় ১৬ বিধ ঘাঁহনিৰ বীজ ছটিওৱা হয়।