ভাৰত আজি মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত হ’বলগীয়া গ্রুপ-এৰ এখন খেলত নেপালৰ মুখামুখি হ’ব। খেলখন শ্ৰীলংকাৰ ডাম্বুলাত সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। গ্রুপ-এত ভাৰতে আটাইকেইখন খেলতেই জয়ী হৈ বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত আছে। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলটোৱে পূৰ্বৰ খেল দুখনত পাকিস্তান আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে জয়লাভ কৰিছিল। নেপালে প্রতিযোগিতাৰ উদ্বোধনী খেলখনত সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰক পৰাস্ত কৰাৰ বিপৰীতে পৰৱৰ্তী খেলখনত পাকিস্তানৰ হাতত পৰাজিত হয়। গ্রুপ-এৰ আন এখন খেলত আজি পাকিস্তান সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ মুখামুখি হ’ব। খেলখন দিনৰ ২ বজাত আৰম্ভ হ’ব।
Assamese | July 23, 2024 10:27 AM | woman asia cup srilanka
মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত- নেপালৰ মুখামুখি