January 29, 2025 7:43 PM | Kumbha | Mela incident

printer

মহাকুম্ভ মেলাত পদপিষ্ট হৈ প্ৰায় ৩০ জন লোক নিহত, ভালেসংখ্যক আহত

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পদপিষ্ট হৈ প্ৰায় ৩০ জন লোক নিহত হৈছে আৰু ভালেসংখ্যক লোক আহত হৈছে। মৌনী অমাৱস্যা উপলক্ষে প্ৰয়াগৰাজত মহাকুম্ভথলীৰ অগণন ভক্তই ত্রিবেনী সংগমত অমৃত স্নান কৰিবলৈ সংগম ঘাটলৈ অগ্ৰসৰ হোৱাৰ সময়ত হোৱা হেঁচা থেলাত যোৱা নিশা ভালেসংখ্যক লোক পদপিষ্ট হয়। কুম্ভ মেলাৰ দায়িত্বত নিয়োজিত উত্তৰ প্ৰদেশ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে, এতিয়ালৈকে নিহত ২৫ জন লোকক চিনাক্ত কৰা হৈছে। বাকী ৫ জনৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই ।
মহাকুম্ভ মেলাত সংঘটিত এই শোকাবহ দুৰ্ঘটনাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে। তেওঁ প্ৰাণ হেৰুওৱা দুৰ্ভগীয়া পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই ঘটনা সন্দৰ্ভত তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ লগত অহৰহ যোগাযোগ ৰাখিছে বুলি প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে।
ইপিনে, এই শোকাবহ ঘটনা সত্বেও আজি মহাকুম্ভত ত্রিবেনী সংগমত দ্বিতীয় পবিত্র অমৃত স্নানৰ বাবে বহু লাখ ভক্তৰ সমাগম হৈছে। উল্লেখযোগ্য যে, মৌনী অমাৱস্যা উপলক্ষে আজিৰ দিনটোত অমৃত স্নান কৰাটো পবিত্ৰ বুলি গণ্য কৰা হয়। যোৱা নিশাৰ এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰ ভাগত আখাৰাসমূহৰ স্নান স্থগিত ৰখা হয় ৷ অৱশ্যে পাছত অমৃত স্নানৰ বাবে সংগম ঘাট মুকলি কৰি দিয়া হয় । দিনৰ দুই বজালৈ ৫ কোটিতকৈও অধিক লোকে এই পবিত্ৰ স্নান সম্পন্ন কৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। মহাকুম্ভমেলা বিশ্বৰ সৰ্ববৃহৎ ধর্মীয় সমাবেশ হিচাপে পৰিগণিত হৈছে। যোৱা ১৩ জানুৱাৰীত আৰম্ভ হোৱা এই মেলাত বৰ্তমানলৈ প্ৰায় ২৫ কোটি ভক্তই পবিত্র স্নান কৰিছে । ৰেলৱে প্ৰশাসনে যাত্ৰীসকলৰ সুবিধাৰ অৰ্থে আজি আৰু ১৯০ খন বিশেষ ৰেলগাড়ী চলোৱাৰ ব্যৱস্থা কৰিছে । উত্তৰ মধ্য ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শক্তিকান্ত ত্রিপাঠিয়ে কয়, যে পবিত্র স্নানৰ পাছত বহুসংখ্যক ভক্তই ঘৰলৈ উভতিবৰ বাবে ৰেল ষ্টেছনলৈ আহে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।