প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মস্কোৰ অল ৰাছিয়ান প্ৰদৰ্শনী কেন্দ্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে তেওঁক সংগ দিয়ে। দুয়োগৰাকী নেতাই প্ৰদৰ্শনী কেন্দ্ৰ ৰোস্তোম পেভিলিয়ন পৰিদৰ্শন কৰে। শ্ৰীমোদীয়ে অসামৰিক পাৰমানৱিক শক্তি ক্ষেত্ৰত ভাৰত ৰাছিয়াৰ মাজত সহযোগিতাৰ নামত উৎসর্গিত এখন ফটো প্রদর্শনী চায়। শ্রীমোদী ভাৰতৰ কুদনকুলম পাৰমানৱিক শক্তি প্ৰকল্পৰ মূল কেন্দ্ৰস্বৰূপ ভি ভি ই আৰ থাউজেণ্ড ৰিয়েক্টৰৰ স্থায়ী আৰ্হি পাৰমানৱিক চিম্ফনিলৈও যায়। প্রধানমন্ত্রী মোদীয়ে ভাৰতীয় আৰু ৰাছিয়াৰ শিক্ষাৰ্থীসকলৰ এটা গোটৰ সৈতে মত বিনিময়ো কৰে। তেওঁ শিক্ষাৰ্থীসকলক বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ উৎসাহিত কৰে।
Assamese | July 9, 2024 8:25 PM | PM Modi visits ‘All-Russian Exhibition Centre’ in Moscow
মস্কোৰ অল ৰাছিয়ান প্ৰদৰ্শনী কেন্দ্ৰ পৰিদৰ্শন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ