ভেনিজুৱেলাৰ বৈদেশিক মন্ত্রী ৱাইভেন গীলে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীলৈ কৃতজ্ঞতা প্ৰকাশ

ভেনিজুৱেলাৰ বৈদেশিক মন্ত্রী ৱাইভেন গীলে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ভেনিজুৱেলাত সংঘটিত প্রবল ভূমিকম্পৰ সময়ত ভাৰতে দেশখনলৈ আগবঢ়োৱা সমৰ্থন আৰু সাহায্যৰ বাবে দেশখনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই কৃতজ্ঞতা প্রকাশ কৰিছে।

মন্ত্রী শ্রী গীলে আজি ভূমিকম্পৰ সময়ত আহত হোৱা লোকসকলৰ চিকিৎ‍সাৰ বাবে এমিষ্টেড অভিযানৰ অধীনত স্থাপন কৰা ভাৰতীয় সেনাৰ ক্ষেত্ৰ চিকিৎসালয় পৰিদৰ্শন কৰে। এই হাস্পতালৰ জৰিয়তে ভূমিকম্পত আহত হোৱা ভেনিজুৱেলাৰ নাগৰিকসকলক সকলো সময়তে বিনামূলীযা চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে। ভেনিজুৱেলাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, যে এই হাস্পতালত প্রতি দিনে ৪০০তকৈও অধিক লোকক চিকিৎসা প্ৰদান কৰি থকা হৈছে।

উল্লেখযোগ্য যে, যোৱা ২৪ জুনত হোৱা ভূমিকম্পৰ ফলত ভেনিজুৱেলাৰ ধন-জনৰ যথেষ্ট ক্ষতি হৈছিল। ভাৰতে এমিষ্টেড অভিযানৰ জৰিয়তে দেশখনলৈ সমৰ্থন আৰু সাহায্য আগবঢ়াই আহিছে। ভাৰতে ইয়াৰ বাবে বিশেষ ভাৰতীয় সেনাৰ চিকিৎসালয়ৰ ব্যৱস্থা কৰিছে।