July 4, 2026 6:40 PM

views 11

ভেনিজুৱেলাৰ বৈদেশিক মন্ত্রী ৱাইভেন গীলে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীলৈ কৃতজ্ঞতা প্ৰকাশ

ভেনিজুৱেলাৰ বৈদেশিক মন্ত্রী ৱাইভেন গীলে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ভেনিজুৱেলাত সংঘটিত প্রবল ভূমিকম্পৰ সময়ত ভাৰতে দেশখনলৈ আগবঢ়োৱা সমৰ্থন আৰু সাহায্যৰ বাবে দেশখনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই কৃতজ্ঞতা প্রকাশ কৰিছে। মন্ত্রী শ্রী গীলে আজি ভূমিকম্পৰ সময়ত আহত হোৱা লোকসকলৰ চিকিৎ‍সাৰ বাবে এমিষ্টেড অভিযানৰ অধীনত স্থাপন কৰা ভাৰতীয় সেনাৰ ক্ষেত্ৰ চিকিৎসালয় পৰিদৰ্শন কৰে। এই হাস্পতালৰ জৰিয়তে ভূমিকম্পত আহত হোৱা ভেনিজুৱেলাৰ নাগৰিকসকলক সকলো সময়তে বিনামূলীয...

January 4, 2026 8:25 PM

views 63

ভেনিজুৱেলাৰ উপ-প্রধানমন্ত্রী ডেলচি ৰোড্ৰিগজক কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ দেশখনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে আজি দেশখনৰ উপ-প্রধানমন্ত্রী ডেলচি ৰোড্ৰিগজক কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে বিৰোধী নেতা মাৰিয়া কৰিনা মাচাডোয়ে এগৰাকী বিৰোধী প্ৰাৰ্থীক কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। উল্লেখযোগ্য যে কালি পুৱা আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখনত বৃহৎ অভিযান চলাই ৰাষ্ট্ৰপতি নিক'লাছ মাদুৰক পত্নীসহ ধৰি লৈ যোৱাৰ পাছত উচ্চতম ন্যায়ালয়ে আজি এই নির্দেশ দিছে।

January 4, 2026 7:58 AM

views 63

ভেনিজুৱেলাৰ স্বাধীনতাৰ সময় আহি পৰিছে বুলি দেশখনৰ বিৰোধী পক্ষৰ নেত্ৰী তথা শান্তিৰ ন’বেল বঁটা প্ৰাপক মাৰিয়া কোৰিনা মচাডোৰ মন্তব্য

আমেৰিকা যুক্তৰাষ্ট্ৰই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিক'লাছ মাডুৰো আৰু তেওঁৰ পত্নীক কৰায়ত্ব কৰাৰ পাছত দেশখনৰ বিৰোধী পক্ষৰ নেত্ৰী তথা শান্তিৰ ন'বেল বঁটা প্ৰাপক মাৰিয়া কোৰিনা মচাডোই কয় যে ভেনিজুৱেলাৰ স্বাধীনতাৰ সময় আহি পৰিছে। শ্ৰী মচাডোই সামাজিক মাধ্যমৰ যোগে কয় যে নিক'লাছ মাডুৰোই ভেনিজুৱেলাৰ জনসাধাৰণ আৰু অন্য দেশৰ নাগৰিকৰ বিৰুদ্ধে কৰা জঘন্য অপৰাধৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইনৰ সন্মুখীন হ'ব লাগিব। তেওঁ কয় যে মাডুৰোই আলোচনাৰ মাধ্যমেৰে সমাধানৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে আইন ব...