বিধি বলৱৎকাৰী সঞ্চালকালয়ে চাকৰিৰ বাবে ভূমি কেলেংকাৰী সংক্ৰান্তত আৰ জে ডিৰ সভাপতি তথা বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালু প্রসাদ যাদৱক জেৰা কৰি আছে। শ্ৰী প্ৰসাদ আজি পুৱা তেওঁৰ কন্যা, লোকসভাৰ সাংসদ মিছা ভাৰতীৰ সৈতে তদন্ত বিষয়াসকলৰ সন্মুখত হাজিৰ হয়। উল্লেখযোগ্য যে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লালুপ্ৰসাদৰ পত্নী ৰাৰি দেৱী আৰু তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ তেজ প্রতাপ যাদৱ কালি কেন্দ্ৰীয় সংস্থাটোৰ তদন্ত দলৰ সন্মুখত হাজিৰ হৈছিল।
Assamese | March 19, 2025 6:29 PM | Akashvani News | Lalu Prasad
ভূমি কেলেংকাৰী সংক্ৰান্তত লালু প্রসাদ যাদৱক জেৰা বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ