বিদেশ মন্ত্রী ড°এছ জয়শংকৰে কালি দৃঢ়তাৰে কয় যে ভাৰত আৰু ইৰাণৰ মাজৰ চাবাহাৰ বন্দৰ চুক্তিয়ে বৃহৎ বিনিয়োগৰ পথ মুকলি কৰিব আৰু ভাৰতক মধ্য এছিয়াৰ সৈতে সংযোগ কৰিব। মুম্বাইত এখন সংবাদমেল সম্বোধন কৰি বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিখন হ’ল কৌশলগতভাৱে অতি বিশেষ আৰু ই কৰাচীৰ লগতে পাকিস্তানৰ গাদাৰ বন্দৰসমূহক বাদ দিইৰাণৰ মাজেৰে দক্ষিণ এছিয়া আৰু মধ্য এছিয়াৰ মাজত নতুন বাণিজ্যিক পথ মুকলি কৰিব। তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ব্যৱসায়িক সম্প্রদায়ে স্পৰ্শকাতৰ আৰু ব্যস্ত পাৰস্য উপসাগৰ আৰু হৰমুজ প্রণালীৰ সলনি সৰবৰাহৰ বিকল্পপথৰ অন্বেষণ কৰিবলৈ নতুন অর্থনৈতিক সুযোগ লাভ কৰিব।
Assamese | May 14, 2024 11:19 AM | S Jaisankar
ভাৰত আৰু ইৰাণৰ মাজৰ চাবাহাৰ বন্দৰ চুক্তিয়ে বৃহৎ বিনিয়োগৰ পথ মুকলি কৰিব : বিদেশ মন্ত্রী