ভাৰতৰ সীমান্ত পথ সংস্থা বি আৰ অ’য়ে লাইন অফ এক্সুৱেল কণ্ট্ৰোলৰ সমীপৰ লাডাখৰ মিগ লা পাছত সাগৰ পৃষ্ঠৰ পৰা ১৯,৪০০ ফুট উচ্চতাত বিশ্বৰ সবাতোকৈ উচ্চতাত থকা মটৰ পৰিবহনৰ পথ নিৰ্মাণ কৰিছে। এই সফলতাৰ জৰিয়তে বি আৰ অ’য়ে সাগৰ পৃষ্ঠৰ পৰা ১৯,০২৪ ফুট উচ্চতাত অৱস্থিত ২০২১ চনত নিৰ্মাণ কৰা ওমলিং লা পথৰ অভিলেখ ভংগ কৰিছে। সংস্থাটোৱে বিগ্রেডিয়াৰ বিশাল শ্রীবাস্তৱৰ নেতৃত্বত জাতীয় পতাকা উত্তোলন কৰি এই সফলতা উদযাপন কৰে। নতুন কৈ নির্মিত এই পথটো কৌশলগত দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ আৰু ই সীমান্তৱৰ্তী গাঁও ফুকচেৰ নিচেই সমীপত অৱস্থিত। পথটোৱে লাডাখত পৰ্যটনৰ সম্ভাৱনা কঢ়িয়াই আনিছে।
Assamese | October 5, 2025 12:17 PM | BRO build Ladakh world highest Transport Road
ভাৰতৰ সীমান্ত পথ সংস্থাই লাডাখৰ মিগ লাত সাগৰ পৃষ্ঠৰ পৰা ১৯,৪০০ ফুট উচ্চতাত বিশ্বৰ সবাতোকৈ উচ্চতাত থকা মটৰ পৰিবহনৰ পথ নিৰ্মাণ