এয়াৰ মাৰ্ছেল তেজিন্দৰ সিঙে আজি নতুন দিল্লীত ভাৰতীয় বায়ুসেনাৰ উপ মুৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়াৰ মাৰ্ছেল সিঙে ৰাষ্ট্ৰীয় যুদ্ধস্মাৰকলৈ গৈ দেশৰ হ’কে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। এয়াৰ মাৰ্ছেল তেজিন্দৰ সিং ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন ছাত্ৰ ৷ তেওঁ ১৯৮৭ চনৰ ১৩ জুনত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু শাখাত যোগদান কৰিছিল। তেওঁ ৪৫০০ হাজাৰ ঘণ্টাৰো অধিক উৰণ অভিজ্ঞতাৰ সৈতে ক-শ্রেণীৰ উৰণ প্ৰশিক্ষক। তেওঁ ২০০৭ চনত বায়ু সেনা পদক আৰু ২০২২ চনত অতি বিশিষ্ট সেৱা পদক লাভ কৰিছে।
Assamese | September 1, 2024 7:03 PM | AIR FORCE Recruitment
ভাৰতীয় বায়ুসেনাৰ উপ মুৰববী হিচাপে এয়াৰ মাৰ্ছেল তেজিন্দৰ সিঙৰ কাৰ্যভাৰ গ্ৰহণ