বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ মাজত আজি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। এই চুক্তি অনুসৰি দুয়োটা প্রতিষ্ঠানে কৰ্কট ৰোগ চিনাক্তকৰণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে এতিয়াৰে পৰা উমৈহতীয়াভাৱে কাম কৰিব। কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্তকৰণৰ বাবে মানুহৰ স্বাস্থ্য পৰীক্ষা কৰা, শিৱিৰ স্থাপন, জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ আদি কামবোৰ ইমানদিনে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছনে এককভাৱে কৰিছিল যদিও এতিয়াৰে পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয়ে তেওঁলোকক সহযোগিতা আগবঢ়াব। এই ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয়খনৰ কমিউনিটী মেডিচিন বিভাগ বিশেষ দায়িত্বত থাকিব। চুক্তি স্বাক্ষৰ কৰি অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ মুখ্য পৰিচালক অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ড° জয়প্ৰকাশ যাদৱে কয়, যে ৰাজ্যৰ ১ কোটি লোকৰ স্বাস্থ্য পৰীক্ষাৰ অভিযান অব্যাহত আছে। এই লক্ষ্য পূৰণৰ গতিক আজি স্বাক্ষৰিত চুক্তিখনে অধিক ত্বৰান্বিত কৰিব বুলি শ্ৰীযাদৱে মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।