June 6, 2026 5:57 PM

views 10

বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ মাজত আজি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। এই চুক্তি অনুসৰি দুয়োটা প্রতিষ্ঠানে কৰ্কট ৰোগ চিনাক্তকৰণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে এতিয়াৰে পৰা উমৈহতীয়াভাৱে কাম কৰিব। কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্তকৰণৰ বাবে মানুহৰ স্বাস্থ্য পৰীক্ষা কৰা, শিৱিৰ স্থাপন, জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ আদি কামবোৰ ইমানদিনে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছনে এককভাৱে কৰিছিল যদিও এতিয়াৰে পৰা বৰপেটা চিকিৎসা মহাবিদ্যাল...