August 18, 2026 8:27 PM | Kaziranga Rally

printer

বৃহত্তৰ কাজিৰঙাত স্থানীয় ৰাইজৰ বিশাল ৰেলী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱিকভাৱে স্পৰ্শকাতৰ অঞ্চল অর্থাৎ ইকো চেনচিটিভ জনৰ পৰিসৰ বৰ্তমানৰ ১০ কিলোমিটাৰৰ পৰিৱৰ্তে এক কিলোমিটাৰলৈ হ্রাস কৰাৰ প্ৰস্তাৱক সমর্থন জনাই বৃহত্তৰ কাজিৰঙাত আজি স্থানীয় ৰাইজে বিশাল ৰেলী উলিয়ায়। কলিয়াবৰৰ কুঠৰীৰ পৰা আৰম্ভ হোৱা এই ৰেলীত বাগৰি, কুঠৰিকে ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া ভালেমান অঞ্চলৰ লোকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ৰাজপথলৈ ওলাই আহি হালধীবাৰীলৈ পদযাত্ৰা কৰে। দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত ১০ কিলোমিটাৰৰ পৰিৱৰ্তে ইকো চেনচিটিভ জানৰ পৰিসৰ এক কিলোমিটাৰলৈ হ্রাস কৰাৰ প্ৰস্তাৱ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনাই প্রতিবাদকাৰীসকলে কলিয়াবৰ সমজিলা আয়ুক্তৰ হাতত এখন স্মাৰক পত্র প্রদান কৰে। ইফালে মুখ্যমন্ত্রীয়ে কাজিৰঙাৰ ইকো চেনচিটিভ জ’নৰ পৰিসৰ এক কিলোমিটাৰলৈ হ্রাস কৰাৰ প্ৰস্তাৱক মিছিং ছাত্র সংগঠন টি এম পি কেও সমর্থন জনাইছে। মিছিং জিৰণিচৰাত আয়োজিত এখন সংবাদমেলত সংগঠনটোৱে ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তই কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।