বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বিৰোধী দলসমূহে দেশত অস্থিৰতা সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাইছে আৰু বিদেশী শক্তিৰ নিৰ্দেশ অনুসৰি কাম কৰিছে বুলি অভিযোগ তুলিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীনবীনে বিৰোধী দলসমূহে দেশত অতি বিপজ্জনক আৰু গম্ভীৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি অভিযোগ তোলে।
তেওঁ লগতে কয় যে ভাৰতীয় গণতন্ত্ৰৰ অপৰিসীম শক্তি আছে আৰু এনে ধৰণৰ প্ৰচেষ্টা বিফল কৰিবলৈ দেশৰ জনসাধাৰণ একত্ৰিত হ’ব। নিৰন্তৰ গোলকীয় সংকট সত্বেও দেশ প্ৰগতিৰ পথত আগবাঢ়ি গৈ আছে বুলি বিজেপিৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে।
শ্ৰীনবীনে বিৰোধী পক্ষই সংবিধানৰ নামত মিছা কথা বিয়পাই ৰাজহুৱা আদেশৰ অপমান কৰা বুলিও অভিযোগ তোলে৷ তেওঁ কয় যে নিৰ্বাচনত বাৰে বাৰে পৰাজয়ৰ ফলত বিৰোধী দলসমূহৰ মাজত হতাশাৰ সৃষ্টি হৈছে। দেশত উত্তেজনাৰ সৃষ্টি কৰিব বিচৰা প্ৰচেষ্টাৰ চৰকাৰে দৃঢ়তাৰে মোকাবিলা কৰিব বুলি শ্রীনবীনে মন্তব্য কৰে।