বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে বিভিন্ন প্রান্তত বর্ণাঢ্য কাৰ্যসূচীৰ আয়োজন

গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা, বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ প্রান্তে প্রান্তে বর্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্রীতি দিগবলয়ত গতিশীল গীত গাই মানুহৰ মনত নতুন সাহৰ সঞ্চাৰ কৰা, গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্জ্বল নিদর্শন ৰাখি যোৱা গণ শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান আজি বিভিন্ন অঞ্চলত শ্ৰদ্ধাৰে আয়োজন কৰা হৈছে।

১৯২৬ চনৰ আজিৰ দিনটোতে শদিয়াত জন্ম গ্রহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্র নির্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সু-পৰিচিত আছিল। ২০১১ চনৰ ৫ নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবর্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা জনাই তেওঁৰ গীত-মাত তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্রয়াসেৰে অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবর্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা সমন্বয় তীর্থত উপস্থিত হৈ স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে ১০০ গৰাকী শিল্পীয়ে ‘বিস্তীর্ণ পাৰৰে অসংখ্য জনৰে’ শীর্ষক গীতটি পৰিৱেশন কৰে।

মুখ্যমন্ত্রী ড° শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টা বীল প্রতিযোগিতাও মুকলি কৰে। এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে মুখ্যমন্ত্ৰীয়ে ৩৫ কোটি ৩৭ লাখ টকা ব্যয়সাপেক্ষে এটা সংগ্ৰহালয়ৰ আধাৰশিলা ভার্চুবেল মাধ্যমেৰে nস্থাপন কৰে। সংগ্ৰহালয়ৰ নিৰ্মাণৰ বাবে উত্তৰ-পূব পৰিষদে ১৪ কোটি টকা অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই প্রকাশ কৰে। সামাজিক মাধ্যমৰ প্ৰসাৰ নোহোৱা সময়তে সুধাকণ্ঠৰ গীতে অসম তথা ভাৰততে নহয়, সমগ্র বিশ্বৰ অগণন লোকক আপ্লুত কৰিছিল বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে।

শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবর্ষ উদযাপনৰ সামৰণি অনুষ্ঠান ২৯ নবেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ওপজা দিনৰ ওলগ তথা শ্রদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই দীঘলীপুখুৰী পাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ড° হাজৰিকাৰ স্মৃতিত গভীৰ শুদ্ধা জ্ঞাপন কৰে। গীতৰ মাজেৰে দেশ আৰু সমাজ গঢ়াৰ বাবে সকলোৱে সংকল্প ল’ব লাগিব বুলি তেওঁ মত প্রকাশ কৰে।

আজি সন্ধিয়া ৬ বজাত দীঘলীপুখুৰী পাৰত ছাত্ৰ সন্থাৰ উদ্যোগত উদ্দীপনা শীর্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সংগঠনটোৱে ৫ নৱেম্বৰলৈকে শিল্পীগৰাকীৰ জন্ম শতবার্ষিকীৰ সামৰণি অনুষ্ঠান অব্যাহত ৰাখিব।

ৰাজ্যৰ বিভিন্ন স্থানত আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

অসম সাহিত্য সভাৰ উদ্যোগত যোৰহাট সাহিত্য সভা আৰু লিচুবাৰী শাখা সাহিত্য সভাৰ সহযোগত ৰাধাকান্ত সন্দিকৈ ভৱনত আজি কিংবদন্তি শিল্পীগৰাকীৰ শতবৰ্ষৰ শ্রদ্ধার্ঘ অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটিয়াৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত আজি আয়োজিত কাৰ্যসূচীত বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ কালজয়ী সৃষ্টি, মানৱতাবাদী আৰু সমাজ সংস্কৃতিৰ প্ৰতি অৱদানক স্মৰণ কৰা হয়। দৰং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত কার্যসূচীত আজি মন্ত্রী নীলিমা দেৱীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ত্যাগ ক্ষেত্রত সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে আজি বিভিন্ন কার্যসূচী অনুষ্ঠিত কৰা হয়। একেদৰে মাজুলী জিলাত শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে বর্ণাঢ্য কার্যসূচী অনুষ্ঠিত হয়।

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী পালন কৰা হয়। অনুষ্ঠানত শিল্পীগৰাকীৰ কালজয়ী গীতৰ জৰিয়তে অসমীয়া সংস্কৃতি তথা সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। অনুষ্ঠানত শিল্পীগৰাকীৰ বিভিন্ন কালজয়ী গীত পৰিবেশন কৰা হয়।

নগাঁও জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়তে আজি সুধাকণ্ঠৰ ওপজা দিন উদ্যাপন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজলন, শ্রদ্ধা নিবেদন কৰাৰ লগতে শিল্পীগৰাকীৰ গীত পৰিবেশন কৰা হয়। ঐতিহ্যমণ্ডিত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ সভাকক্ষতো আজি ড° ভূপেন হাজৰিকাৰ শতবার্ষিকী উদ্যাপন কৰা হয়। ডিফু সাহিত্য সভাৰ উদ্যোগতো আজি সুধাকণ্ঠৰ ওপজা দিন উদ্যাপন কৰা হয়।