September 8, 2026 7:40 PM

views 10

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে বিভিন্ন প্রান্তত বর্ণাঢ্য কাৰ্যসূচীৰ আয়োজন

গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা, বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ প্রান্তে প্রান্তে বর্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্রীতি দিগবলয়ত গতিশীল গীত গাই মানুহৰ মনত নতুন সাহৰ সঞ্চাৰ কৰা, গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্জ্বল নিদর্শন ৰাখি যোৱা গণ শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান আজি বিভিন্ন অঞ্চলত শ্ৰদ্ধাৰে আয়োজন কৰা হৈছে। ১৯২৬ চনৰ আজিৰ দিনটোতে শদিয়াত জন্ম গ্রহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশি...