গুৱাহাটীত অসম ক্রীড়া বিভাগৰ উদ্যোগত তথা অসম এম এছ আৰ বক্সিং সন্থা আৰু অসম অলিম্পিক সন্থাৰ সহযোগত আয়োজিত বিশেষ অভিনন্দন অনুষ্ঠানত আজি জাপানৰ আইচি-নাগ’য়াত অনুষ্ঠিত ২০২৬ এছিয়ান গেমছ মহিলাৰ ৭৫ কেজি বক্সিং শাখাত সোণৰ পদক অৰ্জন কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসমকন্যা লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত লাভলীনা বৰগোহাঁইক কেইবাটাও সংগঠনে সম্বর্ধনা জ্ঞাপন কৰে।
এই অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ, প্ৰকাশ দাসৰ লগতে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, প্ৰাক্তন বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য, ৰাজ্যিক ক্রীড়া সঞ্চালক উপস্থিত থাকে।
খেলুৱৈগৰাকীৰ এই অনন্য কৃতিত্বই অসমৰ যুৱ প্ৰজন্মক সপোন দেখিবলৈ, কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু সাফল্যৰ নতুন শিখৰ স্পৰ্শ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে উল্লেখ কৰে।