ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি, সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই আজি তেখেতৰ বাসগৃহ বর্ণমালাত কেইবাগৰাকীও শুভাকাংক্ষীয়ে শুভেচ্ছা জনায়। বৰেণ্য সাহিত্যিকগৰাকীয়ে অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনাই আটাইৰে কুশল-মংগল কামনা কৰে। তেওঁ পূৰ্বৰ তিক্ত অভিজ্ঞতা পাহৰি নতুন মাত্ৰা আৰু যাত্ৰাৰে নিজৰ লগতে সমাজৰ নিস্বার্থভাৱে সেৱা আগবঢ়াই অসমক এখন সমৃদ্ধশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
Assamese | April 15, 2025 6:36 PM | Nagen Saikia
বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন