November 1, 2025 7:59 PM

views 44

বিশিষ্ট সাহিত্যিক ড০ নগেন শ‍ইকীয়াক অসম সাহিত্য সভাৰ সদসি ৱৰণ্যেঃ সন্মান প্ৰদান

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ নগেন শ‍ইকীয়াক আজি অসম সাহিত্য সভাৰ সদসি ৱৰণ্যেঃ সন্মান প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰহিত্যত আয়োজিত এটা অনুষ্ঠানত ডিব্ৰুগড় আঞ্চলিক কার্যালয়ৰ ৰামেশ্বৰ লাল চহৰীয়া সংহতি ভৱনত বিশিষ্ট সাহিত্যিকগৰাকীক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা, লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কম...

April 15, 2025 6:36 PM

views 41

বিশিষ্ট সাহিত্যিক ড০ নগেন শ‍ইকীয়াৰ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন

ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি, সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শ‍ইকীয়াই আজি তেখেতৰ বাসগৃহ বর্ণমালাত কেইবাগৰাকীও শুভাকাংক্ষীয়ে শুভেচ্ছা জনায়। বৰেণ্য সাহিত্যিকগৰাকীয়ে অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনাই আটাইৰে কুশল-মংগল কামনা কৰে। তেওঁ পূৰ্বৰ তিক্ত অভিজ্ঞতা পাহৰি নতুন মাত্ৰা আৰু যাত্ৰাৰে নিজৰ লগতে সমাজৰ নিস্বার্থভাৱে সেৱা আগবঢ়াই অসমক এখন সমৃদ্ধশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

February 23, 2025 6:55 PM

views 34

ডিব্ৰুগড়ৰ সৰবৰহী মহিলা লাৱণ্য শ‍ইকীয়াৰ মৃত্যু

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা সাহিত্য একাডেমী বঁটা বিজয়ী ড০ নগেন শ‍ইকীয়াৰ পত্নী লাৱণ্য শ‍ইকীয়াৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। ডিব্ৰুগড়ৰ সৰবৰহী মহিলা লাৱণ্য শ‍ইকীয়াৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে শোক প্রকাশ কৰিছে।