অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াক আজি অসম সাহিত্য সভাৰ সদসি ৱৰণ্যেঃ সন্মান প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰহিত্যত আয়োজিত এটা অনুষ্ঠানত ডিব্ৰুগড় আঞ্চলিক কার্যালয়ৰ ৰামেশ্বৰ লাল চহৰীয়া সংহতি ভৱনত বিশিষ্ট সাহিত্যিকগৰাকীক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা, লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কমল বৰা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ নিৰোদ বৰুৱা, সতিসাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জি সিংহানীয়াকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰে।
Assamese | November 1, 2025 7:59 PM | Nagen Saikia
বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াক অসম সাহিত্য সভাৰ সদসি ৱৰণ্যেঃ সন্মান প্ৰদান