চাংলাং উত্তৰ সমষ্টিৰ বিধায়ক টেছম পংগতে আজি অৰুণাচল প্ৰদেশৰ অষ্টম বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। বিধানসভাৰ অধ্যক্ষ নির্বাচনেৰে বিশেষ অধিৱেশন আৰম্ভ হয়। তদর্থ অধ্যক্ষ নিনং ইৰিঙে কোনো প্রতিদ্বন্দ্বিয়ে মনোনয়ন পত্র দাখিল নকৰাৰ পৰিপ্ৰেক্ষিতত টেছম পংগতে বিনা প্রতিদ্বন্দ্বিতাৰে অধ্যক্ষ নির্বাচিত হোৱা বুলি ঘোষণা কৰে। অধ্যক্ষৰ আসন গ্ৰহণ কৰি শ্ৰী পংগতেই তেওঁক এই পদৰ বাবে নির্বাচন কৰাৰ বাবে সদনক ধন্যবাদ জনায়। লগতে পদবীৰ মৰ্যাদা আৰু গণতান্ত্ৰিক পৰম্পৰা অক্ষুণ্ণ ৰাখি দায়িত্ব পালন কৰি যাব বুলিও তেওঁ প্ৰকাশ কৰে। সদনৰ প্ৰতিগৰাকী সদস্যক ন্যায় প্ৰদানৰ বাবে তেওঁ প্ৰতিশ্রুতিবদ্ধ বুলিও শ্রী পংগতে উল্লেখ কৰে। অধ্যক্ষ নিৰ্বাচিত হোৱাৰ বাবে শ্রী পংগতে মুখ্যমন্ত্রী পেমা খাণ্ডুৱে শুভেচ্ছা জনোৱাৰ লগতে অনাগত দিনত ৰাজ্য চৰকাৰে সকলো ধৰণৰ সাহায্য আগবঢ়াব বুলি প্ৰকাশ কৰে। লিকাবিলৰ বিধায়ক কাৰ্ডো য়িগয়’ৰ উপাধক্ষ্য হিচাপে নির্বাচিত হয়।
Assamese | June 15, 2024 2:39 PM | Arunachal Assembly | Arunachal Pradesh | election arunachal | Temos Pongte
বিধায়ক টেছম পংগতে অৰুণাচল প্ৰদেশৰ অষ্টম বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত