বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে আজি নৱ-নির্বাচিত ১২ জন পাৰিষদে শপত গ্ৰহণ কৰিব। আজি দিনৰ ১১ বজাৰ পৰা বি টি চি বিধানসভা পৰিষদৰ সভাকক্ষত এই শপত গ্রহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মুকেশ চাহুৱে নৱ-নিৰ্বাচিত কার্যবাহী সদস্যসকলক গোপনীয়তাৰ শপত বাক্য পাঠ কৰাব কাৰ্যবাহী সদস্য হিচাপে শপত ল’বলগীয়া ১২ গৰাকী পাৰিষদৰ ভিতৰত দুগৰাকী মহিলা আছে। কোকৰাঝাৰ জিলাৰ পৰা ৫ গৰাকী, চিৰাং, ওদালগুৰি আৰু বাক্সাৰ পৰা দুগৰাকীকৈ আৰু তামুলপুৰৰ এগৰাকী পাৰিষদে আজি শপত ল’ব।
Assamese | October 14, 2025 11:11 AM | Akashvani | Akashvani News | BTC | Political News
বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে নৱ-নির্বাচিত ১২ জন পাৰিষদৰ আজি শপত গ্ৰহণ