বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি অভিভাৱক মন্ত্ৰী চৰণ বড়োৱে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বাক্সা জিলাৰ বিধায়কদ্বয় মনেশ্বৰ ব্ৰহ্ম আৰু থানেশ্বৰ বসুমতাৰী, বিটিচি চৰকাৰৰ কাৰ্যবাহী সদস্য আগাষ্টুচ টিা, বেগম আখতাৰা আহমেদ, জিলা আয়ুক্ত কিমনে ছেংচান, অতিৰিক্ত আয়ুক্তকে ধৰি ৰাজনৈতিক নেতা আৰু জিলাখনৰ গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। জিলাখনত সঘনাই অব্যাহত থকা হাতী-মানুহৰ সংঘাত বানপানী আৰু গৰা খহনীয়াৰ সমস্যা, খোৱাপানী আৰু জলসিঞ্চনৰ সমস্যাৰ বিষয়ে বৈঠকত আলোচনা কৰে। ইফালে, বি টি এ ডিৰ ওদালগুৰিৰ পৰা বাক্সা চিৰাঙৰ মাজেৰে কোকৰাঝাৰলৈ এটা ৰে’লপথ নিৰ্মাণৰ কাৰণে ৰাইজৰ দাবীৰ কথা বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে ।
ইফালে মন্ত্ৰীগৰাকীয়ে অভিভাৱকৰ দায়িত্ব পোৱা চিৰাং জিলাও আজি ভ্ৰমণ কৰে। জিলাখনৰ কাজলগাঁৱত বিয়লিৰ ভাগত উপস্থিত হৈ তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ।