বাংলাদেশৰ সৈতে থকা ভাৰতৰ মুঠ ৪ হাজাৰ ৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ৩ হাজাৰ ২৩২ কিলোমিটাৰৰো অধিক অংশত বেৰ স্থাপন কৰা হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেঁও কয়, যে বেৰ স্থাপনৰ ফলত সীমান্তৰে হোৱা অপৰাধমূলক গতিবিধি, চোৰাং বেহা আৰু অপৰাধীৰ অনুপ্ৰৱেশৰ ঘটনা হ্ৰাস পাইছে আৰু সীমান্তক অপৰাধমুক্ত কৰি তোলাত ই সহায় কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে বাংলাদেশৰ সৈতে থকা দেশৰ প্ৰায় ৮৬৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা অংশত বেৰ স্থাপন কৰিবলৈ বাকী আছে আৰু ইয়াৰে ১৭৪ কিলোমিটাৰৰো অধিক অংশ দুর্গম অঞ্চল।
Assamese | February 4, 2025 8:35 PM | Nityanand Rai
বাংলাদেশৰ সীমান্তৰ ৩,২৩২ কিলোমিটাৰৰো অধিক অংশত বেৰ স্থাপন কৰা হৈছে : ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়