প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নবী মুম্বাইৰ খাৰঘৰত শ্ৰীশ্ৰী ৰাধা মদন মোহনজীৰ এটা মন্দিৰ উদ্বোধন কৰে। প্ৰায় ৯ একৰ ভূমিত ইস্কনে নিৰ্মাণ কৰা এই মন্দিৰটোত ভগৱান শ্ৰীকৃষ্ণৰ লগতে ভালেমান দেৱ-দেৱীৰ মূৰ্তি স্থাপন কৰাৰ লগতে ইয়াক বৈদিক শিক্ষাৰ এটা প্ৰাণকেন্দ্ৰৰূপে গঢ়ি তোলাৰ আঁচনি লোৱা হৈছে। এই মন্দিৰ প্ৰকল্পত এটা সংগ্রহালয়, এটা অত্যাধুনিক প্ৰেক্ষাগৃহ, বৈদিক ৰোগ নিৰাময় কেন্দ্ৰৰ দৰে ভালেমান সা-সুবিধা নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। মন্দিৰটো উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে ভাৰত এখন প্ৰাণৱন্ত সংস্কৃতিৰ দেশ। আধ্যাত্মিকতাক আমাৰ সংস্কৃতিৰ আধাৰ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে যদি কোনোবাই ভাৰতক হৃদয়ংগম কৰিব খোজে, তেন্তে তেওঁ ইয়াৰ আধ্যাত্মিকতাক উপলব্ধি কৰিব লাগিব।
Assamese | January 15, 2025 8:41 PM | PM Modi Inaguarate temple at Mumbai
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নবী মুম্বাইৰ খাৰঘৰত শ্ৰীশ্ৰী ৰাধা মদন মোহনজীৰ এটা মন্দিৰ উদ্বোধন