প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। কাইলৈ দেশৰ ৪৫খন ঠাইত আয়োজিত এই নিযুক্তি মেলাত তেওঁ সম্বোধন কৰিব। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগত খালী পদসমূহত এই নিযুক্তি দিয়া হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ সমাজক কৰ্মসংস্থাপন প্ৰদানত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতিৰ অংশ হিচাপে এই নিযুক্তি মেলাৰ আয়োজন কৰা হৈছে। যুৱ সমাজক ৰাষ্ট্ৰ নিৰ্মাণত অংশগ্ৰহণ আৰু আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত এই নিযুক্তিয়ে সহায় কৰিব। সমগ্ৰ দেশতে নির্বাচিত প্রার্থীসকলক গৃহ পৰিক্ৰমা, ডাক বিভাগ, উচ্চ শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়, বিত্ত সেৱা আদি বিভাগসমূহৰ বাবে এই নতুন নিযুক্তিপত্র প্রদান কৰা হ’ব।
Assamese | December 22, 2024 6:40 PM | PM Modi distribute appointment letter
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভাৰ্চুৱেল ব্যৱস্থাৰে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব