প্রধানমন্ত্রী শ্রীমোদী আৰু চিচিলিৰ ৰাষ্ট্ৰপতি পেট্রিক হার্মিনীৰ সৈতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি চিচিলিৰ ৰাষ্ট্ৰপতি পেট্রিক হামিনীৰ সৈতে বৈঠকত মিলিত হ’ব। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বার্থ জড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰিব।

শ্রীমোদীয়ে আজি চিচিলিৰ নেচনেল এছেম্বলিত ভাষণ দিয়াৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত শ্রীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰিব।

মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি এই ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ এটা প্রতিনিধি দলেও অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে চিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন কার্যসূচীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী তিনিদিনীয়া কাৰ্যসূচীৰে কালি চিচিলিত উপস্থিত হৈছে।

শ্রীমোদীৰ এই ভ্রমণে ভাৰত আৰু চিচিলিৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে বিভিন্ন ক্ষেত্রত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধি কৰাত দেশ দুখনৰ প্ৰতিশ্রুতিবদ্ধতাক অধিক শক্তিশালী কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।