পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈসকলক আর্থিক সহায়ৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ড, বি চি চি আইৰ সচিব জয় শ্বাহে ভাৰতীয় অলিম্পিক সংস্থাক ৮ কোটি ৫০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই এই আর্থিক সাহায্যৰ বাবে বি চি চি আইক ধন্যবাদ জ্ঞাপন কৰিছে। অহা ২৬ জুলাইত আৰম্ভ হ’বলগীয়া পেৰিছ অলিম্পিকত ৭০ জন পুৰুষ, ৪৭ গৰাকী মহিলাকে ধৰি ১১৭ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ লগতে ১৪০ গৰাকী সহায়কাৰী সদস্য পেৰিছ অলিম্পিকলৈ যাত্ৰা কৰিব। সামাজিক মাধ্যমৰ এটা পোষ্টত জয় শ্বাহে ২০২৪ চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতৰ প্ৰতিযোগীসকলৰ বাবে এই ঘোষণা কৰিবলৈ পাই আনন্দিত বুলি প্ৰকাশ কৰিছে।
Assamese | July 22, 2024 12:35 PM | BCCI announces fund for IOC
পেৰিছ অলিম্পিকত ভাগ লবলগীয়া ভাৰতীয় খেলুৱৈক আর্থিক সহায়ৰ বাবে ভাৰতীয় অলিম্পিক সংস্থাক বি চি চি আইৰ ৮ কোটি ৫০ লাখ টকা প্ৰদান