পেৰিছ অলিম্পিকৰ সপ্তম দিনা আজি আৰ্চাৰ অংকিতা ভকত আৰু ধীৰাজ বোম্মাদেবাৰা দলীয় মিক্সড শিতানত ইণ্ডোনেছিয়াক ৫-১ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল খেল খেলাৰ যোগ্যতা অৰ্জন কৰে। পুৰুষৰ হকীত ভাৰতীয় দলে গ্রুপ পৰ্যায়ৰ শেষৰখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়াৰ্ধৰ খেলৰ শেষত ৩-১ গলত আগবাঢ়ি আছে। ইপিনে, শ্বুটিঙত দুটা অলিম্পিক পদক বিজেতা মনু ভাকৰে ২৫ মিটাৰ এয়াৰ পিষ্টল শিতানত ফাইনেলত প্ৰৱেশ কৰে। গল্ফত শুভংকৰ শৰ্মা আৰু গগনজিৎ ভাল্লাৰৰ প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে। আনহাতে ৰ’য়িঙত ভাৰতৰ একমাত্র প্রতিনিধি বলৰাজ পানৱাৰে পুৰুষৰ একক স্কালছ শিতানত আজি ফাইনেলত অৱতীৰ্ণ হৈছে। ইপিনে, বেডমিণ্টনত ভাৰতৰ লক্ষ্য সেনে আজি চিনা টাইপেৰ ছৌ টিয়েনচেনৰ বিৰুদ্ধে পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। আজি সন্ধিয়া ৬.৩০ বজাত খেলখন অনুষ্ঠিত হৈছে৷ জুডোেত ৭৮ কিলোগ্ৰামতকৈ ওপৰৰ শাখাত তুলিকা মানে ৩২ সংখ্যক ৰাউণ্ডত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। এথলেটিকছত অংকিতা ধ্যানী, পাৰিল চৌধাৰী আৰু তাজিন্দৰ পাল সিং টুৰে ক্ৰমে মহিলাৰ ৫ হাজাৰ মিটাৰ কোৱালিফিকেশ্যন ৰাউণ্ড আৰু পুৰুষৰ শটপুটত অৱতীৰ্ণ হ’ব।
Assamese | August 2, 2024 6:52 PM | Paris Olympic 2024 | Paris Olympics | SPORTS
পেৰিছ অলিম্পিকত আৰ্চাৰ অংকিতা ভকত আৰু ধীৰাজ বোম্মাদেবাৰা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ