পাঞ্জাৱত কালি দুটা পৃথক অভিযানত আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ আৰু নিষিদ্ধ ঔষধসহ ৭ জনক গ্ৰেপ্তাৰ কৰে। পাঞ্জাৱ আৰক্ষীৰ কাৰ্যবাহীয়ে সীমা সুৰক্ষা বাহিনীৰ সৈতে অভিযান চলাই অমৃতসৰৰ এখন সীমান্তৱৰ্তী গাঁৱৰ পৰা ২০ কিলোগ্রাম হেৰ’ইনসহ চাৰিজন লোকক আটক কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে, দলটোৰ মূল কাৰ্যকাৰীজনৰ পাকিস্তানৰ সৈতে সংযোগ আছিল আৰু সমগ্ৰ অঞ্চলটোত ড্ৰাগছৰ যোগান ধৰি আহিছে। আন এক অভিযানত ব্যথিন্দা আৰক্ষীয়ে অভিযান চলাই চাৰিটা অবৈধ পিষ্টল আৰু ২৬টা সজীৱ কাৰ্টিজসহ তিনিজন লোকক গ্রেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, অভিযুক্তসকলৰ এজনে শেহতীয়াকৈ বিশেষ হত্যাৰ লক্ষ্যৰে কানাডাৰ পৰা ব্যথিন্দালৈ আহিছিল। ঘটনাৰ অধিক তদন্ত এতিয়াও চলি আছে।
Assamese | January 7, 2026 12:52 PM | Punjab Arrest
পাঞ্জাৱত অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ আৰু নিষিদ্ধ ঔষধসহ ৭ জনক গ্ৰেপ্তাৰ