কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে। পহলগামৰ নৃশংস ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত আজি গুৱাহাটীৰ পৰা ডিম্পল বৰুৱা ওৰফে দধীচি ডিম্পলক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। একেদৰে শ্ৰীভূমি জিলাৰ কালিগঞ্জৰ পৰা মুস্তাক আহমেদ ওৰফে ছাহিল হক নামৰ যুৱক এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ হাজোৰ পৰা আন এজন লোকক অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে দেশ বিৰোধী মন্তব্য কৰা লোকক গ্ৰেপ্তাৰ কৰা হ’ব। সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট পৰীক্ষা কৰি থকা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | April 26, 2025 7:23 PM | Akashvani Guwahati | Assam Police | CM-Pahalgam | CMO Assam
পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত