May 5, 2025 8:02 PM

views 36

পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্যৰ অভিযোগত অসম আৰক্ষীয়ে বৰ্তমানলৈকে ৪২ জন লোকক গ্ৰেপ্তাৰ কৰিছে

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পর্যন্ত ৪২ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বৰপেটা আৰক্ষীয়ে কালি আজিবুৰ ৰহমান, হোজাই আৰক্ষীয়ে জয়নালউদ্দিন আৰু চিৰাং আৰক্ষীয়ে আশ্রাফুল ইছলাম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষী এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত থাকিব বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টিগোচৰ হোৱা মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে...

April 26, 2025 7:23 PM

views 29

পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে। পহলগামৰ নৃশংস ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত আজি গুৱাহাটীৰ পৰা ডিম্পল বৰুৱা ওৰফে দধীচি ডিম্পলক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। একেদৰে শ্ৰীভূমি জিলাৰ কালিগঞ্জৰ পৰা মুস্তাক আহমেদ ওৰফে ছাহিল হক নামৰ যুৱক এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ হাজোৰ পৰা আন এজন লোকক অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱা...

April 24, 2025 8:28 PM

views 31

জম্মু-কাশ্মীৰৰ ঘটনাত নিহত লোকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্যৰ সিদ্ধান্ত অসম চৰকাৰৰ

অসম চৰকাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদ মেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই ঘটনাত ৰাজ্যবাসী অতিশয় মৰ্মাহত আৰু এই ঘটনাৰ বলি হোৱা পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ বাবে এই সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্রীয়ে আজি এই সংবাদ মেলত অলপতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৰা সাক্ষাৎকালত বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন সন্দৰ্ভত কৰা আলোচনাৰ...