পশ্চিম কাৰ্বি আংলঙৰ উলুকুঞ্চিস্থিত তিৱা সাংস্কৃতিক প্ৰকল্পত অহা ২৯ অক্টোবৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে লাংখন উৎসৱৰ আয়োজন

পশ্চিম কাৰ্বি আংলঙৰ উলুকুঞ্চিস্থিত তিৱা সাংস্কৃতিক প্ৰকল্পত অহা ২৯ অক্টোবৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে লাংখন উৎসৱৰ আয়োজন কৰিছে। ইয়াৰ বাবে ইতিমধ্যে প্রস্তুতি প্রায় সম্পূৰ্ণ হৈছে। এই উৎসৱ তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত আৰু লোক সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব বুলি আমাৰ সংবাদদাতাই জনাইছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা।

কাছাৰ জিলাৰ শিলচৰ নগৰৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্পসমূহৰ পৰ্যালোচনাৰ বাবে আজি জিলা আয়ুক্তৰ কার্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত নগৰখনৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ ক্ষিপ্ৰ ৰূপায়ণৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়।

শিলচৰৰ কাষৰীয়া অঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নত এই প্রকল্পসমূহৰ গুৰুত্ব বিবেচনা কৰি ইয়াৰ ৰূপায়ণ প্ৰক্ৰিয়াৰ বিষয়েও আলোচনা কৰা হয়। বৈঠকত বিধায়ক ৰাজদ্বীপ গোৱালা, কমলাক্ষ দে পুৰকায়স্থকে ধৰি সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।