গণৰাজ্য দিৱস উপলক্ষে ঘোষণা হ’বলগীয়া পদ্ম বঁটা ২০২৫ৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া ১৫ ছেপ্তম্বৰলৈকে মুকলি ৰখা হৈছে । আবেদনকাৰীসকলে ৰাষ্ট্ৰীয় বঁটা প’ৰ্টেল Awards.gov.inত গৈ মনোনয়ন দাখিল কৰিব পাৰিব। ১৯৫৪ চনৰ পৰা প্ৰতি বছৰে গণৰাজ্য দিৱসত ভিন্ন ক্ষেত্ৰত উল্লেখনীয় কামৰ বাবে প্ৰদান কৰা পদ্ম বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানৰ ভিতৰত অন্যতম। শিল্প-সাহিত্য, ক্রীড়া, শিক্ষা, চিকিৎসা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা কাম, অসামৰিক সেৱা, ব্যৱসায়, উদ্যোগ আদি ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে এই বঁটা প্ৰদান কৰা হয় ৷
Assamese | August 23, 2024 11:45 AM | padma awarda nomination
পদ্ম বঁটা ২০২৫ৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া ১৫ ছেপ্তম্বৰলৈকে মুকলি