নৱগ্ৰহ নতুন নগৰ শিৱ মন্দিৰ সমিতিয়ে স্থানীয় বাসিন্দাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে ‘স্বচ্ছ নৱগ্রহ’ বিষয়ক  প্রতিযোগিতাৰ আয়োজন

গুৱাহাটী পৌৰ নিগমে আয়োজন কৰা স্বচ্ছ গুৱাহাটী প্রতিযোগিতাত অংশগ্ৰহণ কৰা নৱগ্ৰহ নতুন নগৰ শিৱ মন্দিৰ সমিতিয়ে স্থানীয় বাসিন্দাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে ‘স্বচ্ছ নৱগ্রহ’ বিষয়ক এখন প্রতিযোগিতাৰো আয়োজন কৰিছে। সমিতিয়ে নির্ধাৰণ কৰি দিয়া নীতি নিয়ম মানি চলা পৰিয়াল তথা ব্যক্তিসকলক “শ্রেষ্ঠ স্বচ্ছ পৰিয়াল”, “শ্রেষ্ঠ চিকুণ পদুলিমুখ” আৰু “শ্রেষ্ঠ স্বচ্ছ সমাজসেৱক “হিচাপে পুৰস্কৃত কৰা হ’ব।

এই প্রতিযোগিতাৰ অংশগ্ৰহণকাৰীসকলক সমিতিয়ে অহা শিৱ পূজাৰ ৰাজহুৱা অনুষ্ঠানত “কৃতজ্ঞতা পত্র” প্ৰদান কৰাৰ লগতে সন্মানিত কৰিব বুলি সমিতিৰ কাৰ্যকৰী সভাপতি মুনীন কাকতি আৰু সম্পাদক হীৰেণ চক্ৰৱৰ্তীয়ে অবগত কৰিছে।

উল্লেখযোগ্য যে ঐতিহাসিক নৱগ্ৰহ মন্দিৰৰ গাতে লাগি থকা নৱগ্ৰহ নতুন নগৰ এলেকাৰ বাসিন্দাসকলে প্রতি দেওবাৰে শ্ৰমদানেৰে স্বচ্ছ অভিযান কার্যসূচী গ্রহণ কৰি আহিছে। ইতিমধ্যে স্থানীয় ৰাইজৰ স্বতস্ফূর্ত সহযোগিতাত অঞ্চলটোৰ পথৰ কাষৰ বেৰসমূহ পাতল বেঙুনীয়া ৰঙেৰে সৌন্দর্য্যবর্ধণ কৰি তোলা হৈছে।

বাটৰ কাষত ঠায়ে ঠায়ে সমিতিৰ সদস্যসকলে প্ৰস্তুত কৰা বাঁহৰ ডাষ্টবিন বহুৱাই ৰাইজক জাৱৰ জোথৰ য’তে ত’তে নেপেলাবলৈ আহ্বান জনাইছে।

আজি এই উপলক্ষ্যে নৱগ্রহ নতুন নগৰ শিৱ মন্দিৰ প্ৰাংগনত স্বচ্ছতা বিষয়ক সজাগতামূলক সভা এখনি অনুষ্ঠিত হয়। শিৱ মন্দিৰৰ সমুখভাগত বৃক্ষৰোপণেৰে আৰম্ভ কৰা সভাখনত এখন স্বচ্ছ, সেউজ আৰু সুস্থ সবল নৱগ্ৰহ গঢ়ি তোলাৰ লক্ষ্যৰে সমিতিয়ে কাম কৰি যাব বুলি সংকল্প গ্রহণ কৰে।