September 6, 2026 7:20 PM
5
নৱগ্ৰহ নতুন নগৰ শিৱ মন্দিৰ সমিতিয়ে স্থানীয় বাসিন্দাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে ‘স্বচ্ছ নৱগ্রহ’ বিষয়ক প্রতিযোগিতাৰ আয়োজন
গুৱাহাটী পৌৰ নিগমে আয়োজন কৰা স্বচ্ছ গুৱাহাটী প্রতিযোগিতাত অংশগ্ৰহণ কৰা নৱগ্ৰহ নতুন নগৰ শিৱ মন্দিৰ সমিতিয়ে স্থানীয় বাসিন্দাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে 'স্বচ্ছ নৱগ্রহ' বিষয়ক এখন প্রতিযোগিতাৰো আয়োজন কৰিছে। সমিতিয়ে নির্ধাৰণ কৰি দিয়া নীতি নিয়ম মানি চলা পৰিয়াল তথা ব্যক্তিসকলক "শ্রেষ্ঠ স্বচ্ছ পৰিয়াল", "শ্রেষ্ঠ চিকুণ পদুলিমুখ" আৰু "শ্রেষ্ঠ স্বচ্ছ সমাজসেৱক "হিচাপে পুৰস্কৃত কৰা হ'ব। এই প্রতিযোগিতাৰ অংশগ্ৰহণকাৰীসকলক সমিতিয়ে অহা শিৱ পূজাৰ ৰাজহুৱা অনুষ্ঠানত "কৃতজ্ঞতা পত্র" প্ৰদান কৰাৰ লগতে সন্মানিত কৰিব বু...